পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেন জানি লোকে নমস্কাৰ কৰিলন্ত।
মাধৱক আজ্ঞা লৈয়া তেখনে গৈলন্ত॥ ৩৯৫৪


শ্ৰীমন্ত শঙ্কৰদেৱৰ সাম্বৎসৰিক তিথি মহোৎসৱ


বছৰি সপিণ্ডি আসি তাত পাচে ভৈলা।
ভক্তসকলক মাধৱদেৱে জান দিলা॥
কৰিলন্ত শ্ৰাদ্ধ বিধি ব্ৰাহ্মণ আসিয়া।
দিল দক্ষিণা দান আনন্দ কৰিয়া॥ ৩৯৫৫
চৌৰাশী লস্কৰ যত লোক নিৰন্তৰ।
হেন মহোৎসৱ শুনিলন্ত শঙ্কৰৰ॥
বাল্য বৃদ্ধ দুখী সুখী লোক যত যত।
নাথাকিল ঘৰে কেহো সবে আসিলন্ত॥ ৩৯৫৬
তল বল কৰে সবে বাউসী নগৰ।
সবাকো মাধৱদেৱে দিলা বাসা ঘৰ॥
অনন্তৰে ঠাকুৰে বুলিলা মাধৱক।
অনায়োক মাটি দামোদৰ ব্ৰাহ্মণক॥ ৩৯৫৭
শুনিয়া মাধৱে ভকতক পাঞ্চিলন্ত।
দামোদৰ গুৰুত ভকতে কহিলন্ত॥
হেন শুনি বুলিলন্ত ভকতৰ আগে।
আমাৰ অহতে বাপু বহিৰাক লাগে॥ ৩৯৫৮