পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এহি বুলি গৈলা পাচে মাধৱৰ ঠাই।
কাকুতি কৰিয়া তাঙ্ক মাতিলন্ত যাই॥ ৩৯৪৩
পাটবাউসীক তুমি চলা এতিক্ষণ।
কৰা যদি তুমি গুৰু মাতৃৰ বচন॥
পিতৃ বিনে অনাথ ভৈলোহে সবে আমি।
আমাসাক বাই অৰে পালিয়োক তুমি॥ ৩৯৪৪
পিতৃৰ হাতত আমি দুখক নপাইলো।
দেখিয়োক আমি আবে জীৱন্তে মৰিলো।
হৰিৰ মন্দিৰ ঘৰ সবে শূণ্য ভৈলা।
এতেকে তোমাক আই নিবাক পঠাইলা॥ ৩৯৪৫
বোলে বৰ পুত্ৰ তেহো আমাৰ আছয়।
এতেকেসে আমাসাক পালিবে লাগয়।
ঠাকুৰৰ হেন বাণী মাধৱদেৱে শুনি।
কতোবেলি থাকি পাচে মাতিলন্ত গুণি॥ ৩৯৪৬
গুৰুৰ শৰীৰ অৰ্দ্ধ আছে মোৰ আই।
তাহাৰ বচন মোৰ পালিবে যোৱাই।
ভক্ত সমে কালি আমি তৈতে চলি যাইবো।
হৰিৰ মন্দিৰ চাঞ্চি কাঠি চিকাইবো॥ ৩৯৪৭
এহি বুলি ঠাকুৰক ঘৰে পঠাই দিলা।
পাটবাউসীক লাগি আৰো দিনা চলি গৈলা।
নকাস্কাৰ কৈলা গৈয়া গোসানীৰ পাৱে।
আসনে বসিলা পাচে অৱনত ভাবে॥ ৩৯৪৮