পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৈবেদ্য সম্ভাৰ সবে এক ঠাই কৰি।
পাটবাউসীক পাচে সবে গৈলা লৰি॥
অনন্তৰে ঠাকুৰে গুৰুক মাতি আনি।
বিধিৱতে দিলন্ত পিতৃৰ পিণ্ড-পানী॥ ৩৯৩৮
ব্ৰাহ্মণ ভকতগণ যত আছে মানে।
তুষিলন্ত সমস্তকে অন্ন পানে দানে॥
ভকত সহিতে ৰঙ্গে আসিয়া মাধৱ।
কৰিলা কৃষ্ণৰ কীৰ্ত্তন মহোৎসৱ॥ ৩৯৩৯
গাৱে গাৱে ভকতক দিলা বস্ত্ৰ দান।
এহিমতে সমস্তৰে তুষিলন্ত মন॥
তাত পাচে শুনা যেবে সভা বিসৰ্জ্জিলা।
পৰম সন্তোষ মনে ঘৰা ঘৰি গৈলা॥ ৩৯৪০
মাধৱ মহন্ত গৈলা থানে আপোনাৰ।
গোসানী সহিতে ঘৰে থাকিলা ঠাকুৰ॥
এহিমতে তৈতে যেবে মাস দুই আছে।
পুত্ৰ সমে গোসানীয়ে আলোচিলা পাচে॥ ৩৯৪১
সুধা সজা গোট আছে হংস নাহিকয়।
হংস অবিহনে সজা শোভা নকৰয়॥
পিতৃ বিনে অঙ্গিনা চোতাল সবে বন।
কিসক নকৰা আই তুমি আক মন॥ ৩৯৪২
সুৱৰ্ণ পিঞ্জৰ আমি ৰাখি আছো কিক।
মাধৱক মাতি আই আনাহা অহিক॥