কান্দিবে লাগিল আই কৰিয়া বিলাপ।
সুমতি ৰুক্মিণী কান্দে কৰিয়া সন্তাপ॥
হা প্ৰাণনাথ মোক কৈক এৰি গৈলা।
আসিবো বুলিয়া প্ৰভু আমাক ভাণ্ডিলা॥ ৩৯২৭
এহি বুলি কান্দে আই গুণক বৰ্ণাই।
যত মিত্ৰসকলে কান্দন্ত ঠাই ঠাই॥
অনেক কান্দিলা সতী মহামৰ্ম্মে পৰি।
ৰমানন্দে দেখি প্ৰবোধিলা পাৱে ধৰি॥ ৩৯২৮
তথাপিতো সতী আই নিচুক নোহন্ত।
সুমৰি স্বামীৰ গুণ ফুকিতে কান্দন্ত॥
কাক অন্ন ব্য়ঞ্জন ৰান্ধিয়া আমি দিবো।
পানী পিৰা দিয়া কাৰ আলক ধৰিবো॥ ৩৯২৯
শয়ন সময়ে কাৰ জান্তিবোহো পাৱ।
এহি বুলি পৃথিবীক পৰি কান্দে মাৱ॥
কাক সেৱা কৰিয়া থাকিবো আবে আমি।
মোক এৰি কৈক গৈলা প্ৰাণপ্ৰভু তুমি॥ ৩৯৩০
তুমি অবিহনে দেখো দিনতে আন্ধাৰ।
নেদেখিলো আৰ চান্দ বদন তোমাৰ॥
কোন কৰ্ম্ম কৰো মই যাওঁ কোন ভিতা।
তুমি বিনে কোনে মোৰ গুচাইবে চিন্তা॥ ৩৯৩১
এহি বুলি দীৰ্ঘৰাৱে কান্দে কৰি দুখ।
ইজন্মত নেদেখিবো প্ৰভুৰ চান্দ মুখ॥
পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে