পৃষ্ঠা:গুৰুচৰিত.djvu/৮৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেহি হেতু গুৰু আমি দেখিতে আসিলো।
স্বৰূপ বচন মই তোমাৰ কহিলো॥ ৩৯২১
এক প্ৰগৰ বেলা আছন্তে আসিলা।
মোৰ ঘৰে যাইবা বুলি আমাৰ মাতিলা॥
পৰলোক গৈলা হেন অহিতে শুনিলো।
দণ্ড চাৰি মানে বসি তথাতে আছিলো॥ ৩৯২২
জানিলো আমাৰ কিবা আছিল দুৰ্ব্বুদ্ধি।
ছদ্মৰূপে আমাত গুৰু কৰিলন্ত শুদ্ধি॥
হেন কথা শুনি লোকে বিস্ময় মানিলা।
জয়ধ্বনি কৰি সবে নামক ডাকিলা॥ ৩৯২৩
এহি কথা শুনি বিপ্ৰে ঘৰে চলি গৈলা।
শোকে মুখে মাধৱ তথাত ৰহিলা॥
দশা কৰিবাক পাচে আলচ কৰিলা।
গ্ৰামে গ্ৰামে মাধৱে ভক্ত পাচি দিলা॥ ৩৯২৪
আপুনাৰ ঘৰে চলি গৈলন্ত ঠাকুৰ।
আই গোসানীয়ে দেখি ভৈলন্ত আতুৰ॥
দেখন্ত গামচা লৈয়া আছন্ত মুৰত।
ধৰিলন্ত আই আসি সাৱটি গলত॥ ৩৯২৫
ভবানাও খানি মোৰ বুৰিল জানিলো।
ইজন্মক লাগি গোসাইক হেৰুৱালো॥
শাখা যে সিন্দুৰ যত আছিল গাৱত।
খাৰু-মণি তেতিক্ষণে সব খসাইলন্ত॥ ৩১২৬