পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভক্তসবে হৰিধ্বনি কৰি নাম গায়।
বৈকুণ্ঠ পাইলন্ত পাচে নাৱ মেলি যাই॥
শঙ্কৰ সহিতে ভক্ত আছে যত যত।
নামৰ কীৰ্ত্তন ধ্বনি সবে শুনিলন্ত॥ ৩৮৬২
ইসব কথাক আবে এহিমানে থওঁ।
পূৰ্ব্বৰ সাধনক ৰামপুৰীয়াৰ কওঁ॥
ৰাধা সমসৰ গোপী পৰম ভকত।
ক্ৰীড়াৰ সময়ে পাপ সিঞ্চিল কৃষ্ণত॥ ৩৮৬৩
তাতেসে আসিয়া ঐত লভিল জনম।
পাইলন্ত মুকুতি আবে গতি মোক্ষতম॥

মহাৰাজ নৰনাৰায়ণৰ কৃষ্ণ শৰণ লবলৈ একান্ত ইচ্ছা প্ৰকাশ

শুনা সাধুসব কথা আত অনন্ত।
শূদ্ৰৰ ঘৰৰপৰা গৈলন্ত শঙ্কৰ॥ ৩৮৬৪
আৰোদিনা যাই পাচে ৰাজাক ভেটিলা।
দেখি নৰেশ্বৰে বহু সাদৰ কৰিলা॥
শঙ্কৰে দিলন্ত বড় লাৰু গন্ধ তৈল।
হেন দেখি ৰাজা বহু আনন্দিত ভৈল॥ ৩৮৬৫
ভাল মন্দ কথা যত পুছিলা নৃপতি।
শঙ্কৰে শুনিয়া কথা কহিলা সম্প্ৰতি॥
বিদায় দিয়োক আমি জগন্নথে যাওঁ।
চান্দ মুখ চাই আমি ফিৰিয়া আসওঁ॥ ৩৮৬৬