সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আসিলন্ত ৰামপুৰী তাসম্বাৰ সঙ্গে।
শঙ্কৰে দেখিয়া বাৰ্তা পুলিলন্ত ৰঙ্গে॥ ৩৮৫৬
ভাল-মন্দ সুখ-দুখ কথা কহিলন্ত।
চৰণে প্ৰণামি শান্তী কান্দি কহিলন্ত॥
শঙ্কৰে বোলন্ত শুনা ৰামপুৰী আই।
তুমি সম আন মোৰ প্ৰিয়তম নাই॥ ৩৮৫৭
বৈকুণ্ঠক যাইবে আজি হুয়ে সাৱধান।
আজি ৰাত্ৰিভাগে আসিবেক নৌকাজান।
এহি বুলি গুৰু তাক দিলন্ত বিদায়।
ৰামপুৰী শুনি ভৈল আনন্দ হৃদয়॥ ৩৮৫৮
কৰিলা অনেক তুতি নতি পাৱে ধৰি।
ভকতক সেৱা কৈলা চৰণত পৰি॥
অনন্তৰে উঠি গৈলা আপুনাৰ ঘৰে।
শূদ্ৰৰ ঘৰত পাচে ৰহিলা শঙ্কৰে॥ ৩৮৫৯
ভোজন কৰিয়া যেবে শয়ন কৰিলা।
মধ্য ৰাত্ৰি ভাগে শুনা যেন কথা ভৈলা॥
বৈকুণ্ঠৰ পৰা আসিলেক নৌকাজান।
অনন্তৰে পাইলা ৰামপুৰীয়াৰ থান॥ ৩৮৬০
নাম কাঢ়ি লগাইলা গৈয়া মাত।
এতিক্ষণে আসি তেবে উঠিয়ো নৌকাত॥
হেন শুনি ৰামপুৰী নমস্কাৰ কৈলা।
দেহ এৰি তেতিক্ষণে নৌকাত উঠিলা॥ ৩৮৬১