সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আজি ধৰি ভৈলাহা দাইন বাহু মোৰ।
নিকাৰ ভুঞ্জিয়া বল দেখাইলা ধৰ্ম্মৰ॥
এতেকতে পৰম স্নেহৰ পাত্ৰ তুমি।
আলি ধৰি পাতিলো ধৰ্ম্মৰ খুটি আমি॥ ৩৫১৮
তাৰ পাচে আইৰ পিনে দৃষ্টিক কৰিলা।
আইৰ কোলাত এটি শিশু দেখা পাইলা॥
পুছিলা আতাক তাৰ বৃত্তান্ত দুনাই।
এনে অৱস্থাত কৈত পুত্ৰ আছা পাই॥ ৩৫১৯
আতাই কহিলা কথা জুৰি দুই কৰ।
প্ৰভুৰ কৃপাত পুত্ৰ নহে অপৰৰ॥
জন্মি আছে এটি বেচি দিন হোৱা নাই।
দুখৰ উপৰে দুখ মিলিছে দুনাই॥ ৩৫২০
ভাবিবাহা ইহাক দাসৰ দাস বুলি।
ৰাখিবাহা সদা প্ৰভু চৰণে আকলি॥
এহি বুলি চৰণৰ তলত ৰাখিলা।
ঈশ্বৰেও মাথে বৃদ্ধাঙ্গুলি চিহ্ন দিলা॥ ৩৪২১
আইও সেবিলা পৰি যুগল চৰণ।
কৰিলা অনেক স্তুতি হুয়া একমন॥
সন্তোষ হুইয়া গুৰু উঠিতে বুলিলা।
পুত্ৰৰ কি নাম বুলি আতাক সুধিলা॥৩৫২২
আতা বোলে শুনা প্ৰভু কিবা নাম দিছো।
দুখত জন্মৰ হেতু দুখী নাম থৈছো॥