পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কমলিধৰা পৰ্ব্বানন্দে পানী লইয়া আছে।
এহেন সময়ে গুৰু আতাক দেখিছে॥ ৩৫১২
দূৰতে দেখিয়া চাই আছে এক মনে।
সুখৰ আকৰ উঠলিছে বনে ঘনে॥
ঠাকুৰ আতা পাইলা গৈয়া শ্ৰীগুৰু পাশ।
সেৱা কৰি পৰি ৰৈলা চৰণৰ কাষ॥ ৩৫১৩
চক্ষুৰ লোতকে গুৰুৰ চৰণ ভিজিল।
হৰিষ বিষাদ মনে শ্ৰীগুৰু থাকিল॥
গুৰুৱে আকলি ধৰি আতাৰ গলত।
স্নেহভৰে অমৃত হাত বুলাইলা গাৱত॥ ৩৫১৪
গুৰুৰ চৰণ পাই দুখ আতৰিল।
আতা পাচে আদি অত কথাক কহিল॥
গুৰু বোলে শুনিয়োক নাৰায়ণ দাস।
তোমাক পাইবাৰ মনে এৰিছিলো আশ॥ ৩৫১৫
আতাও বুলিলে বাপ এহি কথা সাৰ।
দুনাই যুগল পাৱ নেদেখিবো আৰ॥
তাৰ পাচে আদি অন্ত কথাক কহিল।
কৰিলাহ দয়া বাপ দুখ আতৰিল॥ ৩৫১৬
শুনি গুৰু মনদুখে নিশ্বাস ত্যজিল।
হৰষিত মনে পাচে বচন বুলিল॥
ইহেন কষ্ট সহি ধৰ্ম্মক ৰাখিলা।
সেহি হেতু ঈশ্বৰৰ প্ৰসাদ লভিলা॥ ৩৫১৭