পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০১
পঞ্চম খণ্ড

কিনো দুৰ্ভাগিনী মই কি কাম কৰিলো।
তোমাসাক আজি মই ৰাখিবে নপাইলো।। ৩২৬১
অভাগীয়া খচম নাহিকে মোৰ ঘৰে।
এহি বুলি নাৰীগোটে উৎপাত কৰে।।
কৰিলন্ত তুতি নতি পৰি ভক্তিভাৱে।
জানু পাৰি প্ৰণামিলা শঙ্কৰৰ পাৱে।। ৩২৬২
কৃতাঞ্জলি কৰি অৱনত ভাৱে ৰৈলা।
ভক্তসমে শঙ্কৰ দেৱতা চলি গৈলা।।
শুনা সভাসদ পদ ইটো কথা থঁও।
যিটো আসি নাৰী ভৈলা তাৰ কথা কওঁ॥ ৩২৬৩
কংস বধিবাক কৃষ্ণে যি বেলা গৈলন্ত।
মথুৰাত যাই বলে প্ৰবেশ ভৈলন্ত।।
গৃহত চৰিয়া যত গোপী নিৰন্তৰ।
মোহ হুয়া ৰূপ চাৱে ৰাম মাধৱৰ॥ ৩২৬৪
তাহাৰ মধ্যত এহে গোপী মুখ্যতম।
নভৈল ভকতি পুনু লভিল জনম।।
যাতো পূৰ্ণব্ৰহ্ম কৃষ্ণ জগতৰ পতি।
তাঙ্ক দৰশনে তাই লভিলা মুকুতি ।। ৩২৬৫
সেহি সাধনাৰ ফলে আসিয়া ইবাৰ।
বৈকুন্ঠক যাইবে সংসাৰৰ পাই পাৰ।।
সিসব কথাক গুৰু জানন্ত সকলে।
বোলে মই তান গৃহ পশো কোন ছলে ।। ৩২৬৬