পৃষ্ঠা:গুৰুচৰিত.djvu/৭১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০০
গুৰু-চৰিত

মস্তকৰ পৰা নখ চৰণ পৰ্যন্তে।
একচিত্ত কৰি ৰূপ বৰ্ণাইলা সমস্তে॥
মহাজ্ঞানীগণে যেন যোগ ধ্যান কৰি।
ঈশ্বৰক আৰাধিয়া একচিত্ত কৰি॥৩২৫৬
সেহি ভাৱে শঙ্কৰত নিমজিল মন।
নিৰেখিয়া আছে চাই দুখানি চৰণ॥
মনত বোলয় এৰা দৈৱকী তনয়।
মোক উপকাৰে আইলা জানিলো নিশ্চয়॥৩২৫৭
মাধৱক আদি কৰি যতেক মহন্ত।
কাণা কাণি কৰি কথা সবেয়ো কহন্ত॥
আনো ভক্ত যতেক বোলয় ৰামৰাম।
বোলো জানিলোহো এইক পৰশিলে কাম॥৩২৫৮
মোহ ভৈলা শঙ্কৰক দেখি নাৰীবৰ।
কি কাৰণে আসি এইৰ চাপিলোহো ঘৰ।
এইৰ গৃহে যদি ৰাত্ৰি বহি ৰহা যাই।
সমূলি পুৰিবে জানো ৰক্ষা আৰ নাই॥৩২৫৯
ভকতসকলে যেবে এহি বুলি আছে।
জানুপাৰি নমস্কাৰ কৈলা তাই পাচে॥
পাঞ্চগোটা ৰূপ এক টোপ বস্তু দিলা।
সবাৰে আগতে পৰি কাকুতি বিনাইলা॥৩২৬০
কোনোবা জন্মৰ মোৰ আছে মহাভাগ।
তাতেসে তোমাক সেৱিবাক পাইলো লাগ॥