পৃষ্ঠা:গুৰুচৰিত.djvu/৭০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৪
গুৰু-চৰিত

ছবি
শুনা সামাজিক জন শঙ্কৰত দিয়া মন
ধৰা তান চৰণত চাপি।
কৰিবেক সৰ্ব্বসিদ্ধি শঙ্কৰেসে নৱনিধি
চৰণে শৰণ লৈলো পাপী॥
মই মহা দীন হীন মোত কিছো নাই জ্ঞান
পৰম পাতকী মুঢ় অন্ধ।
পলাইবাৰ নাই সন্ধি গৃহবাসে ভৈলো বন্দী
নাই মোত ভকতিৰ গন্ধ॥৩১৭৩
বোলোহো কাকূতি কৰি কৃপাৰ সাগৰ হৰি
দিয়ো তষু ভকতৰ সঙ্গ।
তুমি বিনে নাহি কেৱ দৈৱকী নন্দন দেৱ
আশা মোৰ নকৰিবা ভঙ্গ॥
হে প্ৰাণ প্ৰভুদেৱ তবু পদে কৰো সেৱ
কৰিয়ো কৰুণা মোক হৰি।
কৰা বাপ মোক দায়া দূৰ হৌক মোৰ মায়া
কৰো্হো প্ৰণাম পাৱে পৰি॥৩১৭৪
হৌক মোৰ অবিশ্ৰাম শ্ৰৱণ কীৰ্তন নাম
জন্মে জন্মে গুৰুপদে গতি।
চৰণে কাকূতি কৰো যেন মই নপাসৰো
হৌক মোৰ ভকতত প্ৰীতি॥