সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭১
পঞ্চম খণ্ড

এহি বুলি কৰযোৰে শৰণ মাগিল।
হেন দেখি গুৰু হাসি সমিধান দিল॥
জানিছো সমস্ত যিবা ভৈল দুজনৰ।
ভকতৰ আলাপনে শুদ্ধ হোৱে নৰ॥ ৩১৩৭
এহি বুলি দামোদৰে আদেশ কৰিল।
শৰণ দিয়াহা বুলি বাক্যক বুলিল॥
শুনি ভট্টদেৱে বোলে দুখ মন কৰি।
কৃতাৰ্থ হৈবোহো ধৰ্ম্ম তযু কাছে ধৰি॥ ৩১৩৮
দিয়ো বাপ নিজে তুমি শৰণ আমাক।
এহি বুলি কৰযোৰে বুলিলন্ত বাক॥
গুৰু বোলে আত কিছো নকৰা সন্দেহ।
মোৰে দামোদৰে ভিন্ন নাহি মাত্ৰ লেশ॥ ৩১৩৯
এহি বুলি গুৰু নিজস্থানে চলি গৈলা।
তাত পাচে শুনা আৰো যেন কথা ভৈলা॥
গুৰু আজ্ঞা পাই দামোদৰ মহামানী।
ভট্টদেৱে * দিলা ধৰ্ম্ম মহাজ্ঞানী জানি॥৩১৪০
দুই চাৰি দিন ৰঙ্গে থাকি সেহি ঠাই।
চলিলন্ত নিজধামে গুৰু আজ্ঞা পাই॥

____________________________________________________________________________________ * বৈকুণ্ঠনাথৰ অপৰ নাম ভট্টদেব। এওঁ ভাগৱত আৰু কবিৰত্ন উপাধিৰে ভুষিত আছিল। অসমত এৱেই প্ৰথমে কথা-ভাগৱত আৰু কথা-গীতা লিখিছিল।

 ৪৩