পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৩
গুৰু-চৰিত

আত অনন্তৰে শুনা যেন ভৈলা কথা।
গুৰুপদ মনে ধৰি কহো এক কথা॥৩১৪১
যেনমতে শঙ্কৰৰ পদে ৰতি হয়।
কৰা আশীৰ্ব্বাদ মোৰ সাধু সমস্তয়।
শঙ্কৰ মাধৱ দুয়োজন বাক্য বেদ।
নকৰা সংশয় কিঞ্চিতেকো নাহি ভেদ॥ ৩১৪২
যাৰ বাক্য বচন অমৃততোধিক ময়।
হেন কৃপা বচন জীৱনে পায়াছয়॥
তাক সম ভাগ্যৱন্ত লোক আছে নাই।
জীৱন্তে মুকুত ভৈলা দেখিয়োক চাই॥৩১৪৩
বিষয়ৰ কাম সবে এৰা হেন জানি।
তান গুন নাম ধৰা গলে বান্ধি আনি॥
বিষয় বাসনা ইসে কৰিবে উচ্ছাদ।
খণ্ডিবেক সংসাৰৰ বিঘিনি বিষাদ॥ ৩১৪৪
গুৰুৰ চৰিত্ৰ শুনি নপাতয় কাণ।
পৰম পাতকী সিটো যেন ভাজা ধান৷
ভুঞ্জাইবে যাতনা নিয়া যমদূতে ধৰি।
নাৰীৰ উদৰে উপজিবে মৰি মৰি॥৩১৪৫
হেন জানি নৰতনু নতু হয় যাৱে।
ধৰা জাণ্টে গুৰুপদপল্লৱক নাৱে॥
দৈৱকীনন্দন প্ৰভু নন্দন কুমাৰ।
মই অধমৰ কৰা আপদ উদ্ধাৰ॥৩১৪৬