পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৪
গুৰু-চৰিত

বোলে শূদ্ৰমুখে কৃষ্ণ কথাক শুনিলো।
আমাৰ ব্ৰাহ্মণ জন্যে কি কাৰ্য্য সাধিলো॥ ৩০৮৭
আমাৰ আগত যেন কাঞ্চন নাৰায়ণ।
তাৰ আগে জানো আমি কাচ অশোভন॥
হেন শুনি চক্ৰপাণি ক্ৰোধত জ্বলিল।
নকহিবি বুলিয়া ভাৰ্য্যাক হাক দিল॥ ৩০৮৮
তোৰ বোলে আমি হৰি ভকতি ধৰিবো।
ষাঠি যজমান আত কিমতে বৰ্ত্তিবো॥
ধন ধান্য তাম্ৰ কাংস্য গৰু গাই বস্ত্ৰ।
চাউল কানি দিয়া মোক সবেয়ো পোৰন্ত॥ ৩০৮৯
কিন্তু নজানোহো আমি শিখা তই মোক৷
জানিলোহো নাৰায়ণে ভজিলেক তোক॥
বুলিলেক বহুতৰ নানা মন্দ চণ্ড।
স্বামী ভাৰ্য্যা দুই পৰ কৰিলেক দ্বন্দ্ব॥৩০৯০
নাৰায়ণে লোকমুখে হেন কথা শুনি।
এক দিন তাৰ ঘৰে গৈলন্ত আপুনি॥
তাক দেখি আনিয়া দিলন্ত পিৰা খানি।
নাৰায়ণে বোলে নবহিবো মহামানী॥৩০৯১
চক্ৰপাণি বোলে বসিয়োক খানিতেক।
শুনিয়োক কহো আমি কথা আছে এক॥
হেন শুনি নাৰায়ণ আসনে বসিলা।
ইছলে সিছলে আন কথাক পাতিলা॥৩০৯২