পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৩
পঞ্চম খণ্ড

অনন্তৰে নাৰায়ণে ঘৰে চলি গৈলা৷
আপুনাৰ গৃহ পাই আনন্দে থাকিলা॥
এহিমতে তৈতে য়েবে নাৰায়ণ আছে।
তাত অনন্তৰে শুনা যেন ভৈলা পাচে॥৩০৮২
চক্ৰপাণি নামে এক আছে দ্বিজবৰ।
কুষ্ঠৰোগ ভৈল মূণ্ডে তাহাৰ পুত্ৰৰ॥
তাক লৈয়া মাতৃ নাৰায়ণ আগে গৈলা।
সকলো বৃত্তান্ত নাৰায়ণ আগে কৈলা॥৩০৮৩
নাৰায়ণ খুৰা তৈতে চৈতন্য আছন্ত।
কুষ্ঠৰোগ গুচাইবাক তেহেন্তে পাৰন্ত॥
নাৰায়ণে দেখিয়া খুৰা বুলিবা মাতিলা।
ব্ৰাহ্মণৰ পুত্ৰ ৰোগ গুচাইবে বুলিলা॥৩০৮৪
হেন শুনি পৰম আনন্দ বৰি মনে।
তাৰ ৰোগ জানিয়া গুচাইছা পাঞ্চ দিনে॥
চক্ৰপাণি ভাৰ্য্যা, তেন্তে মহা শুদ্ধমতী।
নাৰায়ণ মুখে কথা শুনিলা সম্প্ৰতি॥৩০৮৫
ভবানন্দ কৃষ্ণকথা কহিয়া থাকন্ত।
ব্ৰাহ্মণৰ মনে যেন অমৃত পিৱন্ত॥
মনত বোলয় কিনো ভাগ্যক লভিলো।
নাৰায়ণ মুখে কৃষ্ণ কথাক শুনিলো॥৩০৮৬
অনন্তৰে আপুনাৰ ঘৰে গৈলা যথা।
স্বামীৰ আগত কহিলন্ত বৰ কথা॥