পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৫
পঞ্চম খণ্ড

মাধৱে বোলন্ত আজি পাইলো নিজবন্ধু।
সাক্ষাত কৰাইল সখি গুৰু কৃপাসিন্ধু॥
মোৰ হাত কিমতে এৰাইবা আজি তুমি।
ইহ পৰলোকে আৰো নেৰিবোহো আমি॥৩০৬০
পুনৰপি মাধৱক বুলিলা শঙ্কৰে।
ৰাজদূত লগে দুয়ো চলিয়ো সত্বৰে॥
শাস্ত্ৰ চাহি মাধৱ বুজাইবা পণ্ডিতক।
বুজাইবাহা নাৰায়ণে বচনে অৰ্থক॥ ৩০০১
হেন শুনি দুয়ো সখী নমস্কাৰ কৰি।
ৰাজদূত লগে তেতিক্ষণে গৈলা লৰি॥
অনন্তৰে পাইলা পাচে ৰাজাৰ নগৰ।
তাসম্বাক দেখি সাদৰিলা নৰেশ্বৰ॥ ৩০০২
বুলিলা নৃপতি পাচে দুহান্তক চাই।
হাতযোৰ কৰি অৱনত কৰি কায়॥
আসনে বসিয়া দুয়ো পখালিলা ভৰি।
দিলন্ত তাম্বুল পাণ নমস্কাৰ কৰি॥ ৩০০৩
হেন শুনি দুয়ো যাই আসনে বসিলা।
মাধৱে মধুৰ বাক্যে ৰাজাক বুলিলা॥
কিবা কাৰ্য্য সাধিবাক ৰাজাৰ লাগয়।
আমাৰ আগত তাৰ কহিয়ো আশয়॥ ৩০০৪
শুনিয়া নৃপতি হস্ত কৃতাঞ্জলি ভৈলা।
মাধৱৰ আগে কথা কহিবাক লৈলা॥