পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫৮
গুৰু চৰিত

এহি বুলি দূতে কথা শঙ্কৰক কৈলা।
মাধৱক চাই পাচে শঙ্কৰে বুলিলা॥৩০৫৪
উঠিয়োক এতিক্ষণে মোহোৰ বচনে।
নাৰায়ণ সমে শীঘ্ৰে যায়ো দুয়ো জনে॥
বিলম্ব নকৰি দুয়ো সখি চলি যায়ো।
শৰণ ভজন ভক্তি ৰাজাক দেখায়ো॥৩০৫৫
হেন শুনি মাধৱৰ উল্লাসিত মন।
চিনায়েক বাপ মোক সখি কোনজন।॥
শুনিয়া শঙ্কৰে ৰঙ্গে বুলিলা বচন।
নিশ্চয় কহিলো সখি তযু নাৰায়ণ॥ ৩০৫৬
কেৱল ভক্তৰ ভক্তি ভকতত প্ৰীতি।
মোৰ নিজ দাস দুয়ো ধৰা হেন ৰীতি॥
ভাগৱতী নিৰ্গুণীৰ পৃথক সাধন।
সংসঙ্গী ভক্তৰ ইটো অৰ্থ বিলক্ষণ॥ ৩০৫৭
ভকতত ভকতি পীৰিতি মূল বিত।
শ্ৰৱণ কীৰ্ত্তন মুখে ৰামনাম গীত॥
আশীবিধ নৱবিধ ভকতিৰ কথা।
সমস্ত ভক্তৰ আগে কহিলন্ত কথা॥৩০৫৮
যাৰ যেন লক্ষণ সাধন সবে কৈলা।
ভকতসকলে শুনি আনন্দিত ভৈলা॥
গুৰুৰ চৰণে মাধৱ নমস্কাৰ কৰি।
সমীপত নাৰায়ণ সাবটিয়া ধৰি॥