পৃষ্ঠা:গুৰুচৰিত.djvu/৬৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৪
গুৰু-চৰিত

শিখিয়োক তুমি ইটো বিদ্যা মহাৰত্ন।
হেন জানি বাপু পঢ়িবাক কৰা যত্ন॥
কৃষ্ণৰ কথাত দেখো নাহি তযু মন।
ইহ পৰলোকে হৰি ভকতিসে খন॥২৮৯৭
হেন শুনি ৰমানন্দে নমস্কাৰ কৈলা।
কাকত পঢ়িবে চক্ৰপাণি ঘৰে গৈলা॥
উধনাৰ পুত্ৰ তিনি লগতে লৈলন্ত।
চক্ৰপাণি দেখি ভালমতে পঢ়াইলন্ত॥২৮৯৮
পঢ়ি-শুনি ৰামানন্দে আইলা অনন্তৰে।
শুনা যেনমতে বিহা কৰাইলা শঙ্কৰে॥
ভকতসবৰ সঙ্গে কৌতুহল কৰি।
পৰম আনন্দে আছা শঙ্কৰ শ্ৰীহৰি॥২৮৯৯
একদিনা মৈজাত বসিয়া মহাৰঙ্গে।
আছন্ত শঙ্কৰদেৱ ভাৰ্য্যা পুত্ৰ সঙ্গে॥
অনন্তৰে বুলিলা ভাৰ্য্যাৰ মুখ চাই।
সুখে বলি আছাহা পুত্ৰৰ কন্যা নাই॥২৯০০
বিবাহ লাগি আবে যতন কৰিয়ো।
দিন বাৰ কৰি তুমি কন্যাক জুৰিয়ো॥
হেন শুনি কালীআই আনন্দিত ভৈলা।
বোলে মোৰ মনৰ কথা তুমি কৈলা॥২৯০১
কাম নামে দেখা ইটো আছয় চৌধাৰী।
আছে সিন্ধুমতী নামে তাহাৰ জীয়াৰী॥