পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেহি এয়ে আছে চক্ৰপাণি মজুমদাৰ। আৰ কৰি কিছো কথা কহো না তাৰ। ২৯১ শত আসি সিয়ো শৰণ লৈল। জমতি মনে হৰিগুৰু ভজিলত। শঙ্কৰে বোলত চক্ৰপাণি না তুমি। তষু আগে একখানি কথা কহে আমি। ২০১২ মানন্দ নামে মোৰ আছে পুত্ৰখানি। মজুমদাৰ বিদ্যা শিখায়োক মহামানী। হেন শুনি আনন্দিত ভৈলা চক্ৰপাণি। গুৰুৰ চৰণে ধৰি বুলিলন্ত বাণী ২৮৯৩ জানু পাৰি বোলে বাপ আশীৰ্বাদ পাওঁ। পঠাইবাহা কালি আমি আজি ঘৰে যাওঁ। মোৰ মহাভাগ্য তযু পুত্ৰক পঢ়াইবো। কোটি পুৰুষ আয়ু সফল কৰিবো। ২৮৯৪ শঙ্কৰে দিত পুষ্প তাম্বুল সাৰি। গৃহক গৈল চলি নমস্কাৰ কৰি। আইৰ দিনা ৰামানন্দ ঠাকুৰক আনি। শৰে পাঞ্চিলা বুলি সুমধুৰ বাণী ২৯৯৫ লিখা-পঢ়া বিদ্যা শিখিয়ে আৰে তই। নিশ্চয় কৰিয়া তোক বুলিলেহোমই। বিৱত হৈলে সৰ্বকাৰ্যত নিপুণ। বৈকে ৰাই তৈতে পূজা কৰে দেখি ৩৭। ২৮