সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯২
গুৰু-চৰিত

বাঢ় সত্য কৰিয়া ভেলোহো কৃষ্ণদাস।
ধৰ্ম্ম কৰ্ম্ম এৰি কৈলো কৰি আশ॥২৭৫৪
তযু সঙ্গ পায়া আমি কৃতকৃত্য ভৈলো।
নৰতনু দেহা আবে সাফল কৰিলো॥
জানো মোৰ পুণ্যগণ আছে অসংখ্যাত।
মাধৱক বোলে কৃতাঞ্জলি কৰি হাত॥২৭৫৫
তোমাৰ বৃত্তান্ত বাপ হুইয়া আছে যত।
মোৰ আগে গুৰু তাক কৰিলা বেকত॥
তিনি দিন তিনি ৰাত্ৰি কথায়ে আছিলো।
তোমাৰ কাৰণে সবে আনন্দে শুনিলো ॥২৭৫৬
শুনিলোহো গৈলা তুমি বাৰাদিক প্ৰতি।
কাৰ্য সিদ্ধি ভৈলা মোত কহিয়ো সম্প্ৰতি॥
মাধৱে বোলন্ত তৈত কড়িক নপাইলো।
সুদাহাতে আসি আমি গুৰুত কহিলো ॥২৭৫৭
মাধৱে বোলন্ত মাতৃ মৰিল আমাৰ।
তোমাৰ আগত কহে কাৰণ তাহাৰ॥
ব্ৰাহ্মণালী কাৰ্য্য তাকে সবে আমি কৈলো।
বিত্তক্ষীণ দক্ষিণাক পাচ কৰি থৈলো ॥২৭৫৮
মৰিল আমাৰ মাতৃ ক্ষেত্ৰি বিলাতত।
ইসব বৃত্তান্ত যত শুনি সমস্ত॥
গুৰু সমে হেন কথা আলচ কৰিলো।
দক্ষিণাৰ কথা সবে পাচ কৰি থৈলো ॥২৭৫৯