পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯১
পঞ্চম খণ্ড

কতবা জন্মৰ মোৰ আছে পুণ্যৰাশি।
সিহেতু দেখিলো তযু চৰণক আসি॥
কৰা আশীৰ্ব্বাদ বাপ তুমি আবে মোক।
গুৰু ভকতৰ মোৰ পীৰিতি ৰহোক ॥২৯৪৯
তুযিলন্ত মাধৱক বিনয় বচনে।
এহি বুলি নিচুকি থাকিলা নাৰায়ণে॥
তাৰ পাচে বুলিলন্ত মাধৱ মহন্ত।
জানিলো কৃষ্ণৰ তুমি ভকত একান্ত॥২৭৫০
এতেকে জানিলো আমি তযু শুদ্ধ হৃদি।
কৰিলেক এক ঠাই দুইকো আনি বিধি॥
ঈশ্বৰ পুৰুষ গুৰু আছয় আমাৰ।
মোৰ আগে কহিলন্ত কথাক তোমাৰ ॥২৭৫১
কথা প্ৰসঙ্গত বৰ সন্তোষ লভিলা।
বহুতৰ কৰি গুৰু প্ৰশংসা কৰিলা॥
এতেকে জানিলো তুমি মহা সাধুজন।
মোৰ গুৰুদেৱ তাক কৰাইলা প্ৰসন্ন॥২৭৫২
দেখিলোহো তোমাৰ পৰম শুদ্ধমতি।
আমিয়ো সন্তোষ বৰ ভৈলোহো সম্প্ৰতি॥
নাৰায়ণে বুলিলন্ত কৰি অল্পহাস।
নিশ্চয় জানিবা মই তোমাৰেসে দাস॥২৭৫৩
দেহ ধন জন মোৰ আছে যত যত।
সমস্তকে দিলো গুৰু ভক্তৰ পাৱত॥