পৃষ্ঠা:গুৰুচৰিত.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
গুৰুচৰিত

ভোটৰ হাতত মোৰ পুত্ৰ যাই কাটা।
চণ্ডী মাৱ পাৱে মোৰ ভৈল সেৱা টুটা॥
এতেকে জানিলো মোৰ বিধি তৈল বাম।
তই হেন পুত্ৰ বাপু মই কৈত পাম ॥১৯৮
গৃহ হন্তে দুইদণ্ড অন্তৰত যাই।
হেনয় থানত তেহো আছা ধান দাই॥
মনত আলচি তেন্তে চণ্ডীক আৰাধি।
এহি কাৰ্য্যখানি মাৱ হৌক মোৰ সিদ্ধি ॥১৯৯
এহি বুলি চণ্ডীবৰ আসিলন্ত গ্ৰাম।
পাঞ্চদশ লোক লৈয়া মহা মুখ্যতম॥
ঢাল তৰোৱাল কাণ্ড ধনু হাতে যাঠী।
বয়নৰ স্ত্ৰী দেখে পথে আছে কাটি॥২০০
মহাসতী গৰ্ভৱতী তৰুণী যে নাম।
তাক দেখি খেদি গৈল সবে যেন যম॥
গৰ্ভৰ ভৰত তেহে হাঠিতে নাপাৰে।
সেহিদোষে কাটিলেক ভোট দুৰাচাৰে॥২০১
ছয়জন লোক যেবে পাচ পৰি ৰৈল।
হাঠিতে নপাৰে লাসে লাসে চলি গৈল॥
এক ৰাত্ৰি ভোট যেবে পথত বহিল।
পাইল খেদি চণ্ডীবৰ যেন যম কাল ॥২০২
তিনি শত দুই বিংশ ভোট বহিয়াছে।
নৱজন লোকে ভেটিলেক আগে পাচে॥