পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৯
পঞ্চম খণ্ড

কছাৰী মাৰণা আসি আৰোবাৰ ভৈল।
বৰদোৱা এৰি তেবে গাঙ্গমোৱে গৈল॥
কোছৰো মাৰণা পুনু তহিত মিলিল।
তাক ভয়ে লৌহিত্য সান্থুৰতে গীতা পাইল॥২৬৮৩
যেনমতে মনু কন্যা হৰিক দিলন্ত।
গোমস্তা পদক যেনমতে এৰিলন্ত॥
দ্বাদশ বৎসৰ তীৰ্থ কৰিয়া ফুৰিলো।
আগ গুৰি মাৰি কথা অল্প কৰি কৈলো॥২৬৮৪
হৰে ৰাম আতৈৰো কহিলা গুণকৰ্ম্ম।
যেনমতে ভৈলেক তুলসীদাস জন্ম॥
নামশৰণীয়া তেহো ভক্ত অনুপাম।
সৰ্ব্বদায় যাৰ মুখে হৰে হৰে নাম॥২৬৮৫
তাহান চৰিত্ৰচয় পৰম ৰহস্য।
নাৰায়ণ আগে কৈলা গুৰু ভক্ত বশ্য॥
শঙ্কৰৰ কথা পদ চৰিত্ৰ বিশেষ।
শুনন্তে পলাই মহাপাতক নিশেষ॥২৬৮৬
শুনা সামাজিকসব ইটো কথা থওঁ‌।
আৰ মানে মই পা এক কথা কওঁ।
নাৰায়ণ ভকতক বাধিলন্ত যিটো।
যোল্ল নাম নলৈবাহা বুলিলন্ত সিটো॥২৬৮৭
হেনৰূপে ঈশ্বৰ গৈলন্ত তাওন ধৰে।
দেখে মোৰ নিজ দাসে আন ধৰ্ম্ম ধৰে॥