সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ও কেন দেখি মাধৱে কৰত আতি ৰঙ্গ। হাত তুলি তুলি নাচে কৰি অঙ্গ ভজ। ২৬২০ আঠ-নৱ মাস খেতে বহি গৈল যেৱে। ৰাজ্যৰ আদেশ লৈয়া আসিলন্ত তেৰে। মাধৱক ধৰি নিলে পাইলে বৰ হব। শয়ন ভোজন মোৰ নাই শান্তি সুখ। ২৬২৮ মোহোৰ কাৰণে পাতি বৈবোহহ আচাৰ্য্য। মনত আলচি মই আছে। হেন কাজ। মাধৱক লাগি শোক কৰিল অপাৰ। কতেক কহিবো কথা তযু আগে আৰ। ২৬২৯ হেন শুনি নাৰায়ণে নমস্কাৰ কৈলা। বোলে কি কাৰণে ইটো ৰাজ্যক আসিলা। শঙ্কৰে বোৰন্ত তুমি শুনা নাৰায়ণ। বিদেশক লাগি আমি আইলো যি কৰি ২৬০০ পূৰ্বে বাহ্ৰভূঞা চণ্ডীবৰ আদি কৰি। অনুক্ৰমে ভুঞ্জে কামৰূপ বসুন্ধৰী॥ সবাৰো মধ্যতে ক্ষেত্ৰি ভূঞা চণ্ডীবৰ। শ্ৰমে মহেশ্বৰ যেন পাইক ধনুৰ্ধৰ। ২৬৩১ ধৰ্মপাল ৰাজা আছিলেক কামেশ্বৰ। তাহান্তে খাটয় যত ভূঞা নিৰন্তৰ। কামাখ্যা দেৱীয়ে যেবে তা শাপ দিল। আপুনাৰ ৰাজ্য এৰি বিদেশক গৈলা। ২৬৩২