সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৮
 

গুৰু-চৰিত

পৰম অদ্ভুত মােৰ মহিমা দেখিয়া।
লৈলেক শৰণ মােত মাধৱে আসিয়া ॥
অসম ৰাজাৰ আগে বাদ যেন ভৈল৷
বাঢ়গুৰু বাৰ সবে কথা যেন ভৈল ॥
অনন্ত কন্দলী আদি পণ্ডিত যতেক ।
সাৱশেষে কথা আমি কহিবাে কতেক ॥
ৰন্তাকৰ কন্দলী পণ্ডিতসব যত ।
কৃষ্ণৰ ভকতি তাৰাসবেও কহন্ত ॥২৬০১
কুকুৰৰ লাঞ্জে আৰে মালা কাঢ়ি লৈয়া ।
নমাতি আসয় গুচি ভকতে ভৰিয়া ॥
মােৰ আগে ডৰি কথা ভকতে কহয় ৷
মহা মৰ্ম্মে দেখি মােৰ শৰীৰ দহয় । ২৬০২
কেতাইখা বাপ আছে বুড়াখাঁ পেসাই।
তাহান ঠাইক সবে আনাইলাে মতাই ॥
কৃষ্ণৰ ভকতি ধৰ্ম্ম কৰিয়া বিচাৰ ।
কৰিলাে ভকতি ব্যক্ত মুখে তাসম্বৰ ॥২৬০৩
জগততে প্রসিদ্ধ ভৈলেক মােৰ মত ।
গৰ্ব্ব মদ ভাঙ্গিল পণ্ডিত আছে যত ॥
কলিযুগে ৰাম নাম বিনে নাই গতি ৷
হৰিনাম সত্য হেন জানি। সম্প্রতি ॥২৬০৪
সভাৰ মধ্যত উঠি উৰ্দ্ধবাহ কৰি ।
ভক্ত সকলােৱে হৰি বােলাই ফুৰি ফুৰি ॥