পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫১
 
চতুৰ্থ–খণ্ড

গৌড়েশ্বৰ ৰাজা আতি আনন্দিত ভৈলা।
ধন্য চণ্ডীবৰ বুলি প্ৰশংসা কৰিলা॥২৫৬১
পাত্ৰ মন্ত্ৰীলোকে কৰে যত ৰঙ্গ হাস।
তেখনে দিলন্ত নাম ৰাজা দেৱীদাস॥
সুৱৰ্ণ কুণ্ডল আনি দিলা একযোৰ।।
বোলে কিনো কাৰ্য্যক কৰিলি তই মোৰ॥২৫৬২
ৰাজাৰ সম্মান হেন পায়া দেৱীদাস।
ৰাজাক নমিলা গৈয়া কৰি অল্পহাস॥
নৌকাত উঠিলা আনন্দৰ পাৰ নাই।
মহাসুখে ব্ৰহ্মপুত্ৰে আসিলা উজাই॥২৫৬৩
কতোদিনে আসি লেঙ্গামাগুৰাক পাইলা।
দেখি বন্ধুু–বান্ধৱৰ হৰিষ মিলিলা॥
এহিমতে তৈতে যেবে কতোদিন আছে।
শুনা নাৰায়ণ যেন কথা ভৈল পাচে॥১৫৬৪
গমাৰিক নামে এক বিলাত আছয়।
জানে ব্ৰহ্মপুত্ৰে আসি তাক বুৰাৱয়॥
দেখি নৰেশ্বৰে ধল বান্ধিবাক গৈল।
কোৰ চাঙ্গি লৈয়া লোক একঠাই ভৈল॥২৫৬৫
গোজ খুটা পুতি জান কৰিলেক ডাঠ।
চাজি ধৰি দেই মাটি অসংখ্যাত তাত॥
একোমতে জানা লোকে বান্ধিবে নোৱাৰে।
চণ্ডীবৰে গৈলন্ত তথাতে অনন্তৰে॥২৫৬৬