পৃষ্ঠা:গুৰুচৰিত.djvu/৫৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫২
 

গুৰু–চৰিত

ৰাজাক চালাম কৰি বসিলন্ত যাই।
বুলিলন্ত নৃপতি তাহান মুখ চাই॥
দেখিয়োক জান আক বন্ধন নযায়।
জান বান্ধি দিয়া কৰা ইহাৰ উপায়॥২৫৬৭
ৰজাৰ বচন হেন শুনি মহামতি।
জান বান্ধিবাৰ কথা কহিলা সম্প্ৰতি॥
তান বুদ্ধি লৈয়া পুনু কৰি আৰম্ভ।
যত্ন কৰি পুতিলন্ত বৰ বৰ স্তম্ভ॥২৫৬৮
মহা মন ৰঙ্গে পাছে বান্ধিলন্ত ঘৰ।
হেন দেখি আনন্দিত ভৈলা নৰেশ্বৰ॥
কিনো মোৰ ভৈল আজি সুপ্ৰসন্ন বিধি ।
লোকৰ গুচিল দুখ কাৰ্য্য ভৈল সিদ্ধি॥২৫৬৯
অনেক প্ৰশংসা বাক্য বুলিলন্ত হাসি।
সমস্ত লোকৰ হিত সাধিলাহা আসি॥
তুমি অপুত্ৰক বুলি শুনি আছো আমি।
প্ৰজাসমে বৰ দিলো পুত্ৰ পাইবা তুমি॥২৫৭০
হেন শুনি চণ্ডীবৰে পৰি প্ৰণামিলা।
ৰাজা প্ৰজা সমস্তকে নমস্কাৰ কৈলা॥
হস্ত তুলি আশীৰ্ব্বাদ কৰি দিলা বৰ।
হাত মেলি স্বৰ্গ যেন পাইলা চণ্ডীবৰ॥২৫৭১
এহি আশীৰ্ব্বাদ বৰে হৌক পুত্ৰজাত।
হুইবেক তনয় তোৰ জগত প্ৰখ্যাত॥