পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩১
 
চতুৰ্থ খণ্ড

আমাক নিয়োক আতা দুয়ো লগে যাওঁ।
নাৱৰ ভৰাৰ কড়ি ষিবা লাগে দেওঁ ॥২৪৫২
লগৰ মনুষ্য বোলে কিমতে নিবাহা।
ভৰা হৈয়া আছে নাৱে কিমতে যাইবাহা॥
মাধৱে বোলন্ত আসা আসা উঠিয়োক।
কৰে বাধা লগৰ উঠিবে যতলোক ॥২৪৫৩
বসিবাৰ নাহি ঠাই কেনমতে যাইবা।
বোলন্ত মাধৱে তোৰা বাধা নকৰিবা॥
মোহোৰ ভাৰ দুই জাপাক পেহলাইলা।
তথাপিতো ভকত সৰ্ব্বশ লৈয়া যাইবা॥২৪৫৪
এহি বুলি দুইজাপা পানীত পেহলাইলা।
সেহি থানে তুলি দুয়ে ভক্তক বৈসালা॥
সাধু সাধু মাধৱ কৰিলা ইটো কৰ্ম্ম।
তুমিসি জানিলা বাপু ভকতৰ মৰ্ম্ম॥২৪৫৫
আনো নানা যত বহু প্ৰশংসা কৰিলা।
শুনা যেনমতে আৰো বৃত্তান্ত মিলিলা॥
খাগৰিকটা এৰাই কলীয়াবৰ পাইলা।
ভৈলা ৰাত্ৰি দেখি তৈতে নাৱক ৰাখিলা॥২৪৫৬
এহিমতে ভাঠিয়াই নদীত আছন্ত।
যৈতে ৰাত্ৰি হন্ত যাই তহিতে ৰহন্ত॥
বাসা সাজি ঠাই অৱতাই নিয়োগত।
শঙ্কৰক ভোজন কৰন্ত প্ৰথমত॥২৪৫৭