পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩০
 
গুৰু-চৰিত

ৰামাদাস সমে মাধৱ একে নাৱে।
আনো লোকসৱে সাজিলেক গাৱে গাৱে॥
শঙ্কৰেও আপোনাৰ নাৱত ভৰা দিলা॥
পৰিকৰ যত আছে সবেয়ো লৰিলা॥২৪৪৭
সবৰ্বস্বক ভৰা দিলা ভকতসকল।
চলিবে নপৰে নাৰ কৰে তলবল॥
কলসব কাটি আনি নায়ক বান্ধিলা।
এতেকে নদীৰ নাম কলকাটি ভৈলা ॥২৪৪৮
হৰিধ্বনি কৰি সবে নাৱক লাৰিলা।
কতোবেলি আসি সাধনাৰ বাট পাইলা॥
সাৱধান হুয়ো মাধৱক বুলিলন্ত।
শঙ্কৰৰ আগ ভৈলা দুই গুটি ভক্ত ॥২৪৪৯
আমাক নিয়োক বাপু তযু লগে যাওঁ।
তোমাৰ চৰণ বাপ সেৱিক পাওঁ॥
বোলন্ত শঙ্কৰে মোৰ নাও ভৰা ভৈলা।
নিবাক পাৰিলে বাপু নকৰোহো হেলা॥২৪৫০
নধৰয় বোপা নাৱে পাচত আসিবা।
খানিতেক থাকা আসিবাক নাৱা পাবা॥
এহি কৈ ভাঠিয়াই শঙ্কৰদেৱ গৈলা।
বিষাদিত মনে তাৰা দুজনে বৈলা॥২৪৫১
আসন্ত মাধৱদেৱ দুইজনে দেখি।
লগাইলেক মাত তৰা দুয়ো কাৰ্য্য লক্ষি॥