সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৯
 
চতুৰ্থ খণ্ড

ৰাজা গৌড়েশৰে পাট ৰাখিয়া দিলন্ত ৷
বৈৰ মাৰিবাক প্ৰতি পশ্চিমে গৈলন্ত ॥২৪৪১
শূন্য পাট দেখি গোৰ মাৰিলেক যাই ৷
ভয়ে কামৰূপে দুয়ো আসিল পলাই ॥
প্ৰতাপখা বোলে যায়ো অসমৰ ৰাজ ।
গাভৰুৰুখা বোলে খুড়া তৈতে নাহি কাজ॥২৪৪২
বিশ্বসিংহ পুত্ৰ আছে নৰনাৰায়ণ ৷
তাহান্তে ভেন্টিব কৈলো স্বৰূপ বচন ৷
ৰাজাৰ আগত গৈয়া দুইহান্তো মিলিলা ।
প্ৰতাপৰ জীৱক ৰাজাক বিহা দিলা ॥২৪৪৩
দৈৱকৰ হাতে ৰাজা চাহিল গণাই ৷
গাভৰুখাৰ হাতত অহম মৰা যাই ॥
শ্ৰীৰামখাৰ বেটা যুদ্ধত কুশল ৷
অসমৰ ৰাজ্য মানে মাৰিল সকল ॥২৪৪৪
কেৱলে ৰাজাৰ মাত্ৰ ৰহিল নগৰ ৷
নাহি কলে ৰাজ্য তাক দিলা একনৰ ॥
নৰনাৰায়ণ ভৈলা কামৰূপে ৰাজা ।
আপুনি ধৰিল সবে অসমৰ প্ৰজা ॥২৪৪৫
শঙ্কৰে বোলন্ত মই ইগ্ৰাম এৰিব ৷
এহি সময়ত শীঘ্ৰে কামৰূপে যাইবে ॥
সমস্ত লোকক গাৱে গাৱে জান দিলা ৷
ভকতসকলে শীঘ্ৰে নাৱক সাজিলা ॥২৪৪৬

৩৪