পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গু-চৰিত এহিমতে হৰিভক্তি প্ৰকাশি শঙ্কৰ। আছন্ত আনন্দে অতি সমস্ত লোকৰ। একদিন মাতি ৰামৰামক আনিলা। জগন্নাথ মূৰ্তি সাজিবাক আলোচিলা। ২২৯৮ কলা বাঢ়ৈক মাতি আনিলা শঙ্কৰ। সাজা জগন্নাথৰ প্ৰতিমা ৰুচিকৰ। শঙ্কৰদেৱৰ বাক্যে কলা বাঢ়ই। প্ৰতিমা সাজিবে লৈ তেতিক্ষণে গই। ২২৯৯ আগে থাকি শঙ্কৰে আগত দেন্ত দৃষ্টি। দেখতে প্ৰতিমা মনে মিলে মহাতুষ্টি। কৰিলে যুগুতি প্ৰাণপ্ৰতিষ্ঠা কৰিবে। কৰয় আনল তাক শুনি লোক শবে ২৩০০ ব্ৰাহ্মণসকলে তাত বিপক্ষ আচৰি। বলে কেনে জগন্নাথ মূৰ্তি আছে কৰি। কাটিলেৰু কাঠখান বাঢ়ৈ দিয়া ভৰি। কৰিবে প্ৰণাম তাক সবে লোকে পৰি। ২০০১ দেখা কেনে উপায় শঙ্কৰে কৰিলন্ত। লোব বঢ়াইবে এতিয়া সাইলত। আগে জগন্নাথৰ প্ৰতিমা বুলি তাক। গৈলে তৈকে অৱ লাগিবে নমিক। ২৩০২