পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৮
গুৰু-চৰিত

কন্যা যাচি দেই বিহা কৰিয়ো শঙ্কৰ।
গোত্ৰ বৃদ্ধি হৌক বাপু আমাৰ বংশৰ॥২১৪২
শুনিয়া শঙ্কৰে তাক মৌন হুয়া ৰৈলা।
সালঙ্কতা কৰি কন্যা বিবাহক দিলা॥
সমস্ত ভূঞায়ে ৰঙ্গে উছৰ্গা দিলন্ত।
গোৰূপা হেম চন্দ্ৰ বিস্তৰ পাইলন্ত॥ ২১৪৩
তাম্বুল বসনে সমস্তকে তুষিলন্ত।
কুটুম্বক সম্বোধিয়া কন্যা আনিলন্ত॥
পূৰ্ব্বতো অধিক কৰি সম্পত্তি লভিল।
শুনা আতপৰে পাচে যেন কথা ভৈল॥ ২১৪৪
শুনা সৰ্ব্বজনে পুণ্যকথা মনোহৰ।
প্ৰসিদ্ধ অমৃত নোহে আক পটন্তৰ॥
যিটো পিৱৈ হোৱে সিটো অজয় অমৰ।
সবংশক নিস্তৰে চৰিত্ৰ শঙ্কৰৰ॥২১৪৫
হে প্ৰাণবন্ধু কৃষ্ণ দৈৱকীনন্দন।
হুয়ো কৃপাময় মই পাপীত প্ৰসন্ন॥
কত জন্ম পুণ্যৱশে মৰ্ত্ত্যে জন্ম পাইলো।
ভকতি নকৰি বৃথা জনম গোৱাইলো॥ ২১৪৬
অসত বিষয় আশকতি ভৈল মোৰ।
ওযু নাম ধৰিয়া ভৈলোহো সেৱাচোৰ॥
জন্মে জন্মে সাঞ্চি আছো পাপৰ পৰ্ব্বত।
সিকাৰণে নাম নাহে, মোহোৰ মুখত॥ ২১৪৭