পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৭
তৃতীয় খণ্ড

জয়ন্ত মাধৱ পাল ৰাখন্ত গুৱালে।
ধেনুক আনন্দে বাধিলেক ততকালে॥
নেনা নেনা ধেনু বুলি আগ ভেণ্টিলেক।
গুৱালক প্ৰাণে মাৰি ধেনু আনিলেক॥ ২১৩৭
আনসব গুৱাল দেখিয়া ভয় ভৈলা।
জয়ন্ত মাধৱ দুই ভাইয়ে জানাইলা॥
বনগঞাগিৰি গুৱালক মাৰিলেক।
ভাল বাছি গোটা দশ ধেনুক নিলেক॥ ২১৩৮
শুনি দুয়ো ভাই হাসি বুলিলেক যাক।
ইকি কথা আমাক আসিলি কহিবাক॥
আৰো ধেনু যদি সবে সৰ্ব্বস্বক নেই।
কি কৰিবো শঙ্কৰক পাল ৰাখা গাই॥২১৩৯
শঙ্কৰে বোলন্ত ভাই কি কাৰ্য্য কৰিলি।
নুখুজিয়া ধেনু তই কিসক আনিলি॥
বনগঞা বোলে খঙিবাক নাহি যোগ।
তোমাৰ সম্পত্তি পিতামহে কৰে ভোগ॥ ২১৪০
এতেকে আনিলো ধেনু আমাৰ গৃহক।
শুনি দুই পিতামহে পাইল আনন্দক॥
জয়ন্ত মাধৱ দুই ভাই আসিলেক।
শঙ্কৰক পাই পাচে বাক্য বুলিলেক॥২১৪১
বিবাহ কৰিতে ইচ্ছা নাহিকে তোমাৰ।
শুনিয়া মনত দুখ মিলিল অপাৰ॥