পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪০
গুৰু-চৰিত

একগোট খাইলে ক্ষুধা নাই দিন গোট।
নুহিকা ডাঙ্গৰ সিটো ফল ছোট ছোট॥২০৪৩
এক পূৰা ভূমিমান বৃক্ষে আছে জুৰি।
দশজনে বেঢ়ে পাই ভয়ঙ্কৰ গুৰি॥
তাক দেখি আনন্দে শঙ্কৰে আছে চাই।
নসৰিলে ফল জানা কেহোৱে নাপায়॥ ২০৪৪
শঙ্কৰক দেখি ফল আপুনি সৰয়।
ৰূপসনাতন দেখি ভৈলন্ত বিস্ময়॥
যিবা চাৰিজন তৈতে আছন্ত দেৱৰি।
যাত্ৰীসবে আছে যেবে তৈতে নিদ্ৰা কৰি॥২০৪৫
চাৰিয়ো দেৱৰি তেবে দেখিলা সপোন।
শঙ্কৰৰ ৰূপক দেখিলা বিতোপন॥
শ্ৰীৰাম প্ৰভুৰ তেন্তে ধৰিলন্ত ৰূপ।
চাৰিয়ো দেৱৰি দেখি ভৈলা তেবে চুপ॥ ২০৪৬
আহত জনক জীউ ৰাঘৱক সেৱি।
কৰন্ত বহুত স্তুতি সীতা মহাদেৱী॥
দেখিয়া চাৰিও নমস্কাৰ কৰিলন্ত।
কৈৰপৰা আইলা তোৰা ৰাম ভগৱন্ত॥২০৪৭
এহি বুলি স্তুতি নতি কৰিলা বিস্তৰ।
হেন দেখি হাসি ৰামে দিলন্ত উত্তৰ॥
শুনিয়ো দেৱৰিসব আমাৰ বচন।
কামৰূপ দেশে অৱতাৰ মোৰ জন॥ ২০৪৮