পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪১
তৃতীয় খণ্ড

শঙ্কৰে বোলয় মোৰ শূদ্ৰকুলে জাত।
একয়ে শৰণ ধৰ্ম্ম কহিবো সবাত॥
তীৰ্থক লাগিয়া আইলো দেখাইতে প্ৰমাণ।
সিটো ৰূপ তেতিক্ষণে ভৈলা অন্তৰ্দ্ধান॥২০৪৯
পূৰ্ব্বৱতে শঙ্কৰে দেখন্তে আছে বসি।
কৰন্ত প্ৰকাশ যেন পূৰ্ণিমাৰ শশী॥
উঠিলা চাৰিওজনে কৰি ৰাম ৰাম।
সৰ্ব্বদায় পাট উচ্চাৰম্ভ মাত্ৰ নাম॥২০৫০
বলৰাম সৰ্ব্বজয় ৰূপসনাতন।
তিনি ভাৰ্য্যা মহাশান্তী লভিলা চেতন॥
বোলে বিপ্ৰসব কৈয়ো তোৰ চাৰিজন।
কিবা দৃশ্য কিবা তোৰা দেখিলা সপোন॥২০৫১
দেৱৰি সকলে বোলে শুনিয়ো উত্তৰ।
মানুষ দুহিকা এন্তে শ্ৰীমন্ত শঙ্কৰ॥
দশৰথসুত এন্তে জানোহো শ্ৰীৰাম।
ধৰিলন্ত ৰূপচয় আতি অনুপাম॥ ২০৫২
জনকনন্দিনী সীতা দেখিলো ইঠাই।
পৃথিবী মণ্ডলে যাৰ সম ৰূপ নাই॥
আঙ্কে সেৱা কৰিয়া তেহেতে বহি আছে।
শঙ্কৰৰ লগে সিটো প্ৰবেশিলা পাচে॥২০৫৩
আপুনাৰ ৰূপক ঢাকিলা ৰামৰায়।
শঙ্কৰ সহিতে পিচে একপিণ্ড হুই॥