পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৩
তৃতীয় খণ্ড

আত অনন্তৰে দেৱতা শঙ্কৰে
 সমস্তকে প্ৰবোধিলা৷
বিদায়ক কৰি সবাকো সাদৰি
 বৃন্দাবন লাগি গৈলা ॥
সবে পাণ্ডাগণে কান্দে দুখনমনে
 যাত্ৰীসবো গৈলা ঘৰে।
তীৰ্থক গমন মনে যেবে গৈলা
 শুনা কথা অনন্তৰে॥২০২০
পঞ্চ পক্ষ যেবে চলি গৈলা তেবে
 পাইলা ৰূপ সনাতন।
আসিল শঙ্কৰ বুলিয়া সত্বৰ
 চলি গৈলা দুয়োজন॥
শঙ্কৰক পাই চুৰ্ত্তি জ্ঞান নাই
 যেহেন ভৈলা বাতুল।
পৃথিবীত পৰি ফুৰন্ত বাগৰি
 অধিকে ভৈলা নিৰ্ম্মল॥২০২১
দেখিয়া শঙ্কৰে অতি অনন্তৰে
 তুলিয়া বান্ধিলা বুকে।
তাসম্বাত কথা পুছিলন্ত তথা
 মনত মহা উৎসুকে॥
তোৰা দুই ভাই আইলা কি নই
 হাতত মন্দিৰা আছে।

২৮