পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৬
গুৰু-চৰিত

আসিল ওলাই পাণ্ডাগণে দিলে থান।
শঙ্কৰক সমস্ত পাণ্ডায়ে কৰে মান॥১৯৯৩
বহিলেক ৰাত্ৰি সবে প্ৰসাদক খাই।
শুনিলেক সবেয়ো ভূমিত নিদ্ৰা যাই॥
সমস্ত যাত্ৰী যেবে তৈতে নিদ্ৰা গৈল।
শুনিয়োক তাত পাচে যেন কথা ভৈল॥১৯৯৪
ৰামৰাম গুৰু যেবে কন্দলীয়ো আছে।
আসন সহিতে জগন্নাথ গৈলা পাচে॥
জগন্নাথে দ্বাৰক মেলিলা চাত কৰি।
হেন শুনি শঙ্কৰে কোচালে নিজ ভৰি॥১৯৯৫
শঙ্কৰে জানিলা আসিলেক জগন্নাথ।
কৰযোৰ কৰি পাচে চপৰাইল মাথ॥
দেখি জগন্নাথে হাসিলে তেতিক্ষণ।
ছদ্ম কৰা কিক তুমি নাথ নাৰায়ণ॥১৯১৬
আমি অংশ তুমি পুৰ্ণ জানো আক সাৰে।
তোমাৰ মহিমা কোনে বুজিবাক পাৰে॥
নৰসকলক ভাণ্ডি তযু অৱতাৰ।
পূৰ্ণব্ৰহ্ম হৰি তুমি আসিলা ইবাৰ॥১৯৯৭
তোমাকে প্ৰাৰ্থিলা ইন্দ্ৰদ্যুম্ন নৰেশ্বৰ।
তযু অংশ আমাকে আনিলা দামোদৰ॥
নৰকেসে ভাঙা মোক নাপাবা ভাণ্ডিত।
অংশ হুয়া তোমাৰ জানোহো সবে চিত॥১৯৯৮