পৃষ্ঠা:গুৰুচৰিত.djvu/৪৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৫
তৃতীয় খণ্ড

সহস্ৰেক যোনি তাৰ শৰীৰত ভৈল।
লজ্জা হুয়া দেৱৰাজ সৰোবৰে ৰৈল॥
পাচে শশী পুছিলন্ত গুৰুত উপায়।
কিমতে এৰাইবে স্বামী ইটো ঘোৰ দায়॥১৯৮৮
হেন শুনি গুৰু পাচে দিলন্ত উত্তৰ।
হৰক উপাসা শশী অতি শীঘ্ৰে কৰ॥
গুৰুৰ আজ্ঞাক লৈয়া আৰাধিলে হৰ।
তুষ্ট ভৈলে তেতিক্ষণে প্ৰভু মহেশ্বৰ॥ ১৯৮৯
শশী বোলে মহেশ্বৰ দিয়ো এহি বৰ।
গুচোক সহস্ৰ যোনি স্বামীৰ গাৱৰ॥
হেন শুনি হৰে বোলে শুন শশী তই।
ব্ৰহ্মশাপ খণ্ডিবাক নপাৰোহা মই॥ ১৯৯০
তথাপিতো এক বৰ দিবো হৌক সিদ্ধি।
মোক আৰাধনে নৰে পাৱে নৱনিধি॥
যোনি গুচি সহস্ৰ লোচন তান হৌক।
গণ্ডকীত শিলা হুয়া সেহি যোনি ৰৌক॥১৯৯১
এহি বুলি হৰে পচে ভৈলা অন্তৰ্দ্ধান।
বজ্ৰকীট পোক কৰে মূৰ্ত্তি যেন ঠান॥
নজানিয়া পাপী বিপ্ৰে তাহাক পূজয়।
কৰে নিন্দা বহু বোলে শূদ্ৰে নমানয়॥১৯৯২
সেহিসে কাৰণে অভ্যন্তৰ নপশিলো।
বাহিৰত প্ৰদক্ষিণ কৰিয়া আসিলো॥