এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৬
তৃতীয় খণ্ড
এহি বুলি বুঢ়ী পাচে মৌন হুয়া ৰৈল।
জগন্নাথে দিয়ো টকা শহুৰে বুলিল॥
শঙ্কৰৰ বাণী শুনি বুঢ়ীয়ো বোলন্ত।
তুমি জগতৰে নাথ প্ৰভু ভগৱন্ত॥ ১৮৭৮
কেনে মোৰ আগে ছদ্ম কৰা যদুৰায়।
পুৰাতন দাসী মোৰ ভাণ্ডন নাযায়॥
পূৰ্ব্বৰ কথাক হুইবে নপাৰয় মনে।
ৰুক্মিণীক বিবাহ কৰিলা যেতিক্ষণে॥১৮৭৯
নকহিবি বুলি ডেকাগিৰি দিলা হাক।
ৰামৰাম গুৰু মনে জানিলন্ত তাক॥
শঙ্কৰে বোলন্ত সবে জানো আনা সাজ।
হেন শুনি লৰি গৈলা যাত্ৰীৰ সমাজ॥ ১৮৮০
সৰ্ব্বজয়ে বলৰাম আছন্ত আলোচি।
অভক্ত বুঢ়ীৰ সাজ ভুঞ্জয় নুপুছি॥
কদাচিত নুভুঞ্জিব বস্তু অভক্তৰ।
হেন বাণী শুনি পাচে মাতিলা শঙ্কৰ॥১৮৮১
শুনা ভক্তগণ ইটো বুঢ়ীৰ মহিমা।
যিটো ভক্তি কৰি আহে তাৰ নপাওঁ সীমা॥
ৰামৰাম গুৰু বোলে কহিয়ো বুজায়।
বুঢ়ীৰ পূৰ্ব্বৰ কোৱা কিবা অভিপ্ৰায়॥১৮৮২
শুনা ৰামৰাম বলৰাম সৰ্ব্বজয়।
এহি বুঢ়ী সুমালিনী ধাই আহিলয়।