পৃষ্ঠা:গুৰুচৰিত.djvu/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৪
গুৰু-চৰিত

তাসম্বাক যোলে তোষা আইলা কৈৰপৰা।
আমাৰ লগত বুঢ়ী পৰিল নাপাৰা॥ ১৮৭২
তাই আসিবাক মোৰ লগে নপাৰিল।
শঙ্কৰ আসিল বুলি এসম্বে কহিল॥
নাপৰা বুঢ়ীক জানা তথা এৰি আইলো।
স্বপ্নৰ পুৰুষ আসি মই চিনি পাইলো॥ ১৮৭৩
ব্ৰহ্মা হৰ ইন্দ্ৰ চন্দ্ৰ চৰণ উপাসে।
তোমাৰ চৰণ সেবে অতি অপ্ৰয়াসে॥
এহি জানি তোমাৰ চৰণে কৰো সেৱ।
নাহি মিত্ৰ বান্ধৱ তুমিসে মোৰ দেৱ॥১৮৭৪
আপুনাৰ নিজ থানে পাইলো অবে লগ।
কোনবা জন্মৰ মোৰ হুইবে আছে ভাগ॥
কৰি আছো সাজ যত সমস্তক দিয়া।
দোকানে পসাৰে টকা আছোহা আৰ্জিয়া॥ ১৮৭৫
একেশ্বৰ বুঢ়ী মই নলাগয় তাক।
নিষ্টে সবে তাক আজি দিবোহো তোমাক॥
এহি বুলি শঙ্কৰে বুলিলা পাচে বাণী।
আৰ্জ্জিলাহা দুখে কিয় দিবা টকা খিনি॥ ১৮৭৬
বুঢ়ী বোলে সিটো টকা নাহি প্ৰয়োজন।
তুমি অজ ব্ৰহ্মা প্ৰভু নাথ নাৰায়ণ॥
পতিতপাৱন নাম তুমি আছা ধৰি।
পতিকক তাৰিবাক আইলা তুমি হৰি॥ ১৮৭৭