এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
গুৰু-চৰিত
বুঢ়ীআইক বোলে মোক দিয়োক বিদায়।
চাহিবোহো মই জগন্নাথ ক্ষেত্ৰ মিলাই॥ ১৮৫০
শনিবাৰদিনা প্ৰাতলতে ভুৰ্জিলত।
বিদায় কৰিয়া দেৱ শঙ্কৰ গৈলন্ত॥
জয়ন্ত মাধৱ হলায়ুধ তিনি ভাই।
বনগঞা সহিতে কান্দয় বুঢ়ী আই॥১৮৫১
শঙ্কৰৰ সপত্নী মাতৃয়ো কান্দে পৰি৷
মাধই চন্দেৰী দুয়ো কান্দয় বাগৰি॥
ধ্বজা বনৰ উবনায়ে পৰি আছে কান্দি।
চতুৰ্ভুজ কৰ্ণপুৰ দুয়ো গলে বান্ধি॥১৮৫২
ৰামৰাম শঙ্কৰক ধৰি দুয়োজন।
নবহিবা বহুদিন বোলোহো বচন॥
বুঢ়াখা কেতাইখা দুয়ো কৰন্ত সন্তাপ৷
শঙ্কৰ পেসী কান্দে কৰিয়া বিলাপ॥ ১৮৫৩
সি বেলাত ক্ৰন্দনৰ উস্মি উথলিল।
সব গ্ৰাম লোক আইল শঙ্কৰে কোল॥
সবাহাকে নিষেধিয়া শঙ্কৰে পঠাইল।
বাক্য বাধা নকৰিয়া সবে ঘৰে গৈল॥ ১৮৫৪
আসি লগ লৈলা যত ভৃত্য নিৰন্তৰ।
শুভক্ষণ বেলা দেৱ লৰিলা ঈশ্বৰ॥
ৰামৰাৰ গুৰু আগ পাচচ শঙ্কৰ।
নৌকাত হৰিষে চলে আনো যত নৰ॥ ১৮৫৫