পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০১
গুৰু-চৰিত

এক পক্ষ হুয়া পাচে এৰিলন্ত নাও।
শুনা সিটো থানে যেন মিলিল প্ৰভাৱ॥
শঙ্কৰে বোলন্ত আজি প্ৰথম প্ৰবাস।
কড়ি লৈয়া যাৱা সবে দোকানীৰ পাশ॥ ১৮৫৬
মাস মুগ কলাই তণ্ডুলক কিনি আনা।
সম্ভাৰ আনিবে লাগি যায়ো তিনি জনা॥
পৰমানন্দ বলৰাম আৰ হৰিদাস।
কুৰি টকা লৈয়া গৈল দোকানীৰ পাশ॥ ১৮৫৭
আছে দুই দোকানীয়ে দোকানক দিয়া।
বাৰী কথা কোৱে তিনি আছয় শুনিয়া॥
এক দোকানীয়ে কথা কৱে সিজনীত।
শুনিয়োক বুঢ়ী মই দেখিলো নিদ্ৰাত॥১৮৫৮
আমাৰ সমীপে দেখো পুৰুষ সুন্দৰ।
লগত আসিয়া আছে সপ্তদশ নৰ॥
দীৰ্ঘতৰ দুই বাহু আজানুলম্বিত।
সুদীৰ্ঘ আঙ্গুলি নখচন্দ্ৰ বিপৰীত॥ ১৮৫৯
মুখপদ্ম দেখি যেন চন্দ্ৰৰ মণ্ডল।
পাট-পীত ভুনি আৰি শৰীৰ উজ্জ্বল॥
বহল হৃদয় শুক্ল উৰ্দ্ধ লোমপান্তি।
সাক্ষাতে জ্বলয় যেন চন্দ্ৰমাৰ কান্তি॥ ১৮৬০
দেখি মই পুছিলোহো কৰযোৰ কৰি।
কিবা মায়া কৰি যেন আসি আছা হৰি॥

২৬