পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯১
তৃতীয় খণ্ড

কাণত লাগিল তাৰ বিপৰীত ছটা।
পৰিল জলত যেন দেৱ দণ্ড ঘটা॥
বুঢ়াখায়ে বোলে তাৰ শুনিলোহো শব্দ।
ঘুমটিৰ উঠিয়া বসিলো হুয়া স্তব্ধ॥১৮০১
জল দেখি হৰিধ্বনি কৰে ভক্ত নৰ।
জয় জয় ধ্বনি কৰে হৰিষ বিস্তৰ॥
বুঢ়াখায়ে বোলে জলে কিবা আছে পৰি।
তাৰ ধ্বনি শুনি আমি পৰিলো বাগৰি॥১৮০২
কৰা ডেকাগিৰি তোৰা সিসব আশ্ৰয়।
শঙ্কৰে বোলন্ত জলে পদ্ম পৰিলয়॥
ভক্ত সবে চাই দেখে গজি আছে পদ্ম।
শঙ্কৰে আসিলা আমাসাক কৰি ছদ্ম॥১৮০৩
এহিমতে বৰদোৱা বিল যেবে ভৈল।
ভক্তসবে তাতে তেবে স্নান দান কৈল॥
বৰত জন্মিল কাজে বৰদোৱা নাম।
আৱৰ আসয় কতো আতি অনুপাম॥১৮০৪
হৰত মাগিয়া বৰ শঙ্কৰক পাইল।
তেতে বৰপ্ৰাৰ্থী ইটো বিলক নমাইল॥
আগৰ বৰত ভৈল শ্ৰীমন্ত শঙ্কৰ।
তেন্তে বৰপ্ৰাৰ্থী পাইলা তীৰ্থ মনোহৰ॥১৮০৫
বৰদোৱা বুলি জনা এহিসে কাৰণে।
তাতে বৰদোৱা তাঙ্ক বোলে সাধুজনে॥