পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯২
তৃতীয় খণ্ড

ইসব কথাক আবে এহিমানে থওঁ।
ৰামৰাম পিতৃ যেন কৈল তাক কওঁ॥১৮৩৬
নাপবা পৰিল যে জানা নৰোত্তম।
কাৰ্ত্তিক মাসৰ জানা দিন ভৈল সম॥
পক্ষ পৰিবাৰ দিনা মঙ্গলবাৰণ।
নৰোত্তম গুৰু মৰি গৈলা যমঘৰ॥১৮৩৭
চতুৰ্ভুজ কৰ্ণপুৰ আৰো ৰামৰাম।
সন্তাপ কৰিয়া মাত্ৰ লোৱে ৰামনাম॥
লৌহিত্যৰ তীৰে দাহ কৰিবাক নিল।
বিস্তৰ ব্ৰাহ্মণ শুনি তথাতে মিলিল॥১৮০৮
আপুনি পণ্ডিত বিধি তিলেকে নেৰন্ত।
নীতি পূৰ্ব্বকেৰে কৰ্ম্ম সবে কৰিলন্ত॥
জীৱন্ততে তেবে আগে বৈতৰণী দিল।
তাম্ৰ পোৱালাদি সুৱৰ্ণক উছৰ্গিল॥১৮০৯
অসংখ্যাত আসিয়া উছৰ্গিল চিতাখান।
অসংখ্যাত ব্ৰাহ্মণসবক দিলা দান॥
শয় শান্তি কৰি চিতা উপৰে তুলিলা।
সাত পাক ঘূৰাই পাচে মুখাগ্নিক দিলা॥১৮১০
তিলোদকে জলে নামি কৰিলন্ত স্নান৷
মহেন্দ্ৰ কন্দলী গুৰু আনিলা সিঠান॥
তেহেতে কৰাইলা জানা তাসম্বাৰ কাজ৷
দান লৈয়া চলি গৈলা ব্ৰাহ্মণ সমাজ॥১৮১১