এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৫
তৃতীয় খণ্ড
ঘৃত চুৱা চন্দনক লৈয়া লৰিলন্ত ।
লোহিত্যৰ তীৰে যাই চিতা জলাইলত ॥
বহুতৰ লোকে হৰি কীৰ্ত্তনক গাই ।
মুখ অগ্নি দিলা ৰামৰামে বিথি চাই ॥১৭৬৮
উছৰ্গি চিতাক শৱ উপাৰক মূৰ ।
লৌহিত্যক নামিয়া শঙ্কৰে বিলা বুৰ ॥
অগ্নি লগাই তাতে ঘৃতচয় ঢালি দিলা ।
অগৰু চন্দন চুৱা তাহাতে বাকিলা ॥১৭৬৯
খোচনি দাণ্ডিক কেতাইখায়ে আছে ধৰি ৷
বনগঞা গিৰি দিলা লুটিয়াই ভৰি ॥
সৰ্ব্বজয় আতৈই কৰিলেক হৰিধ্বনি ।
আসিলন্ত বিপ্ৰসবে হেন কথা শুনি ॥১৭৭০
কড়ি টকা সুৱৰ্ণ বস্ত্ৰক তথা নিল ।
ব্ৰহ্মণসবাক যাঠি গৰু বিলাইল ॥
প্ৰথমৰ পিণ্ড দিয়া গৃহক আসিল ।
শঙ্কৰৰ লগে সবে লোক চলি গৈলা ॥১৭৭১
সেহি বেলা পুনু সবে লাগিলা কান্দিতে ।
কান্দে বন্ধুগণ সবে বিষাদিত চিত্তে ॥
দেখিয়া শঙ্কৰে সমস্তকে নিবেদিল ।
একো বন্ধু বান্ধৱক কান্দিতে নেদিল ॥১৭৭২
এহিমতে তিনি দিন যেবে বহি গৈল ।
তিনিখানি তিথি সেহিদিনা আসি ভৈল ॥
২৫