পৃষ্ঠা:গুৰুচৰিত.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৪
গুৰু-চৰিত

ছবি

শুনা সাধু সভাসদ শঙ্কৰ চৰিত্ৰ পদ
 মৰণক আগত নেদেখা।
নিতে হোৱে আয়ুপাত চেতন নাহিকে গাত
 কালে পাইলে কোনে কৰে ৰক্ষা॥
নিতে নিতে টুটে আয়ু কৈত পৰে প্ৰাণবায়ু
 হৰি গুৰু পাৱে চাপি ধৰা।
নকৰিবা আন মতি গুৰু পাৱে কৰা ৰতি
 অপ্ৰয়াসে ভৱনদী তৰা॥১৭৬৫
হে প্ৰাণবন্ধু দেৱ তযু পাৱে কৰা ৰতি
 মই অধমৰ কৰা গতি।
কাৰ্য্যে লাগে যেহি হৌক নছাৰিবা গুৰু মোক
 হৌক মোৰ তযু পাৱে ৰতি॥
তোমাৰ ভক্তৰ সঙ্গ দিয়া নকৰিয়ো অঙ্গ
 পূৰিয়োক মোৰ মন কাম।
কৰা কৃপা কৃপাময় মূঢ়মতি ৰামে কয়
 ডাকি সবে বোলা ৰাম ৰাম॥১৭৬৬

পদ

শুনা সভাসদ ইটো কথা সাৱধানে।
শঙ্কৰৰ পত্নী যিটো মৰিলন্ত প্ৰাণে॥
দাহ কৰিবাক লাগি চৌদলত তুলি।
বনগঞা কেতাই লৈয়া যাহন্ত সমূলি॥১৯৬৭