সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৪
গুৰু-চৰিত

শ্বেত পীত বস্ত্ৰ হৰিদ্ৰাৰ বৰ্ণচয়।
ভ্ৰূব সমন্বিতে পঞ্চবৰ্ণ প্ৰকাশয়॥ ১৫৩০
হৃদয়ে শ্ৰীবৎস আতি দেখিতে শোভন।
ঊৰ্দ্ধ ৰোমপান্তি আতি দেখিতে গহন॥
গাৱত পাথৰী পীত অধিতে সুহাই।
হেঙ্গুলীয়া পাট ভুনি মাটি সোটি যায়॥ ১৫৩১
হৃদয় বহল আতি কটিভাগ সৰু।
সাক্ষাতে দেখিয় যেন হৰৰ ডম্বৰু॥
ৰত্নৰ মেখলা বান্ধি আছয় কটিত।
ৰুণুঝুনু কিঙ্কিণী শুনিয় মনোনীত॥ ১৫৩২
আজানুলম্বিত চাৰু বাহু ৰুচিকৰ।
চম্পাৰ পাকৰি সম আঙ্গুলি সুন্দৰ॥
নখচন্দ্ৰয় আতি দেখি সুখী হুই।
ৰত্নৰ উ ন্টি তাতে প্ৰকাশ কৰয়॥ ১৫৩৩
ঊৰু দুই দেখি যেন ৰামকল সম।
পৰম সুন্দৰ জানু জঙ্ঘা নিৰুপম॥
পদতল ৰক্ত নৱ পল্লৱ সমান।
পঞ্চ চিহ্নে প্ৰকাশয় সূৰ্য্য যেন খান॥১৫৩৪
হেন চিহ্নসব গীত মধ্যে দৰশিল।
বুঢ়াখাক আদি মিত্ৰে হৰিষ কৰিলন্ত॥
পুত্ৰ-ভাৰ্য্যা বন্ধুৰ্ৰো আশাক এৰিলন্ত।
এহি প্ৰাণ শঙ্কৰ বুলিয়া পৰিলন্ত॥ ১৫৩৫