পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৫
তৃতীয় খণ্ড

নিচিনি তোমাক আমি পাতকী সমূলি।
আবেসে জানিলো তুমি আগন্নাথ বুলি॥
আজি হন্তে তোত বাপ পশিলো শৰণে।
দাস হেন মানি মোক নেৰিবা চৰণে॥ ১৫৩৬
বুঢ়াখাৰ কাৰুণ্য শুনিয়া সবে নৰ।
সবে হন্তে বোলে এন্তে জগত ঈশ্বৰ॥
বিপ্ৰসবে বোলে আমি কিনো দুৰাচাৰ।
আমি পাপী শঙ্কৰক কৰো অহঙ্কাৰ॥ ১৫৩৭
মনুষ্য জনৰ নুহি ইমত শকতি।
শঙ্কৰক ঈশ্বৰ হেন জানিলো সম্প্ৰতি॥
আজি হন্তে শঙ্কৰক বাদ নকৰিবো।
ইহান চৰণে আমি শৰণ পশিবো॥ ১৫৩৮
বিপ্ৰৰ কথাক আমি এহিমানে থওঁ।
সৰ্ব্বজয়ে যেন কৈলা আবে তাক কওঁ॥
সূত্ৰ বুলি শঙ্কৰে গীতক গান্তে আছে।
পঙ্কজ বৈকুণ্ঠ সৰ্ব্বজয়ে চান্ত পাচে॥১৫৩৯
শূন্য হেন বুলি বৈকুণ্ঠক চাহিলন্ত।
শঙ্কৰ সদৃশ এক পুৰুষ আছন্॥
পুনৰপি গায়নে মোক লাগি চাইলা।
তহিতো শঙ্কৰ আছে দৰশন পাইলা॥ ১৫৪০
আনে নেদেখয় তাঙ্ক দেখে সৰ্ব্বজয়।
ৰামৰাম গুৰুৰ আগত কথা কয়॥