পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
প্ৰথম খণ্ড

চাৰিগোটা চেৱটিয়া তান লগে দিলা।
ৰাজ আজ্ঞা মন কৰি তেখনে লৰিলা।
বসিবাক লাগি কৈত নপাইলন্ত থান।
বিচাৰি ফুৰিয়া ৰাজা নৱ থান মান॥৯৫
লেঙ্গামাগুৰিয়া নামে বিল এক আছে।
বিচাৰি ফুৰন্তে সবে দেখিলন্ত পাচে॥
বাতা কাটি তাহাৰ তীৰত বাসা দিলা।
তাৰ মৎস্য মাৰি সবে ভোজন কৰিলা॥৯৬
বিচাৰি ফুৰন্তে থান নপাইলন্ত ভাল।
তাহাৰ তীৰক আসিলন্ত তত কাল॥
শস্য মৎস্যে সমস্তে তথাতে মিলিলেক।
জানিলো আমাৰ থান এথাতে হৈবেক॥৯৭
চেৱটিয়াগণে আনো লোক আনিলন্ত।
তাসম্বাক লাগি তৈতে ঘৰ সাজিলন্ত॥
বাৰী পাতি কলা-পুলিসকল ৰুৱাই।
কমতেশ্বৰৰ আগে জনাইলন্ত যাই॥৯৮
নাহৰ টগৰ সৰুধন একজন।
তিতা নামে চেৱটিয়া এহি চাৰিজন॥
জানুপাৰি নৃপতিৰ আগে জনাইলেক।
বাৰী ঘৰ হৈবে শুনি হৰিষ হৈলেক॥৯৯
চৌদ্ধ শত ধান পাচে তাসম্বাক দিল।
একো হাল বৃষ আনি সবাকে যোগাইল॥